অসমীয়া ব্লগ তথা ই-আলোচনী সমূহৰ তালিকা

অসমীয়া ব্লগ বা ই-আলোচনী সমূহৰ সুসংগঠিত তালিকা এখন ক'তো পাবলৈ নাই, কিন্তু এনে তালিকা এখন থকাটো জৰুৰী। গতিকে আটায়ে এই পোষ্টটোত দিয়া ব্লগকেইটাৰ উপৰিও যদি নিজৰ বা পৰিচিত অইন কাৰোবাৰ যদি অসমীয়া ব্লগ আছে সেই ব্লগটোৰ লিংকটো কমেণ্টত লিখক । সমূহীয়া ব্লগ : (১) অসমীয়া সংগীত সমূহৰ সংগ্ৰহ (স্বতাধিকাৰী অজ্ঞাত, কোনোৱে জানিলে জনাব) - https://xonggit.wordpress.com/... Continue Reading →

Advertisements

গণিত আৰু বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পৰা টিকটকলৈ

সময়টো ২০১৪ চনৰ । এলেক্স ঝু(Alex Zhu) আৰু লুয়ু য়াং(Luyu Yang) নামৰ দুজন পুৰণি বন্ধুয়ে লগ হৈ পৰিকল্পনা কৰিলে এটা শিক্ষামূলক এণ্ড্ৰয়ড এপ্লিকেচন নিৰ্মাণ কৰাৰ । সেইমতে নিৰ্মাণ কৰিও উলিয়ালে । খৰচ হল প্ৰায় আঢ়ৈলাখ ডলাৰ, সময় লাগিল প্ৰায় ছমাহ । এই এপ্লিকেচনটোৰ প্ৰধান বৈশিষ্ট্য আছিল ইয়াত পাঠসমূহ যথাসম্ভৱ নিম্নতম সময়সীমাৰ ভিতৰত প্ৰদান কৰাৰ প্ৰচেষ্টা... Continue Reading →

জুয়ে পোৰা তিৰাশী ~ পৰাগমণি আদিত্য

২১ ফেব্ৰুৱাৰী। চামগুৰিৰ বহু খিলঞ্জীয়া অসমীয়া ঘৰতে অঘৰী হোৱাৰ দিন।
...সেইদিনা সন্ধিয়া এটা নতুন বস্তু ঘৰলৈ আহিল। এটা জীৱন্ত টিয়েৰ গেছৰ চেল। এলুমনীয়েমৰ চেলটোত দুয়োফালে পাঁচটাকৈ ফুটা।..
..এই সুযোগলৈকৈ যেন দুলালদাই অপেক্ষা কৰি আছিল। হঠাৎ লুকুৱাই থোৱা বাঁহ উলিয়াই খিৰিকিৰে যাঠিৰ দৰে খুছিবলৈ ধৰিলে।..
...ৰাস্তাত কাৰ্ফিউ। কেৱল পুলিচ-চিআৰপিৰ গাড়ী। মানুহ দেখিলেই গুলী। ডাইৰেক্ট ইন্দিৰাৰ অৰ্ডাৰ!!...
...এটা সময়ত আমিও সমদলত যোগ দিলো-
"এক কিলো ভেণ্ডী, ইন্দিৰা গান্ধী ...।"
"... ... জাৰ্চি গাই, দেব বৰুৱাই গাখীৰ খাই।"
.....................................

“মই এজন সাংবাদিকে কৈছো”

সন্ধিয়া যেতিয়া আপুনি চিগাৰেট হুপি হুপি আড্ডা দিয়ে আমি তেতিয়া মহৰ কামোৰ খাই খাই আপোনালোকৰেই নেতা-মন্ত্ৰীৰ বাইট লবলৈ যাওঁ ।আমাক গালি-শপনি পাৰি উঠি তৃপ্তিৰে মাংসৰ থুপথুপীয়া জোলৰ লগত ৰন্ধা ভাতসাঁজৰ সোৱাদ লৈ আপোনালোক যেতিয়া টোপনিত পৰে, আমি তেতিয়া অফিচত বহি স্ত্ৰীপ্ট লিখাত ধৰো ।যি নিহালিৰ উম এৰি আপুনি পুৱা আঠবজাতো উঠি আহিবলৈ টান পাই, সেই... Continue Reading →

“প্ৰ্যাতাহিক – এদিনৰ দিনলিপি”

(১)ৰাতি শোৱাত সদায়েই মোৰ বহুখিনি দেৰি হয়, পুৱা দেৰিকৈয়ে উঠা অভ্যাস । আজি পাছে কাৰোবাৰ চিঞৰত টোপনি ভাঙি গ'ল, "তই মোৰ তাঁৰ ছিঙি দিলি(অশ্লীল), এতিয়া মই তোৰ (অশ্লীল) ছিঙিম ।"মই বোলো কোনে কাৰ কি ছিঙিলে চাওঁ, চকু মোহাৰি বাটলৈ ওলাই আহি দেখিলো ৰাস্তাৰে পাৰ হোৱা জেচিবি এখনত লাগি ওচৰৰে মানুহ এঘৰৰ কাৰেণ্টৰ তাঁৰডাল ছিঙিছে ।... Continue Reading →

“গেছক্ৰেকাৰ প্ৰকল্প, ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড ইত্যাদি ” ~ অগ্নিভ দত্ত

" বাইশ বছৰ আগৰ মানে ১৯৯৪ চন মানৰ কথা । ঘৰৰ পৰা গৰম ভাত কেইটা খাই চাকৰি কৰাৰ আশাত চেঁচাপানী পৰো পৰো অৱস্থা । কাৰণ মানে কাৰণ ডাঙৰেই । গেছক্ৰেকাৰ প্ৰকল্প আৰম্ভ হওঁ হওঁ অৱস্থা ।তাৰপাছতে এদিন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে আহি আধাৰশিলা স্থাপন কৰি গলহি । আমি তেতিয়া ইঞ্জিনিয়াৰিঙ পঢ়ি আছো গতিকে আমাৰবোৰৰ সেইসময়ত চিন্তা... Continue Reading →

হেকিং, HTML, পাছৱৰ্ড, ফেচবুক ইত্যাদি

পাছৱৰ্ড হেকিঙৰ একেবাৰে প্ৰাথমিক উপায়কেইটা : ১. আপুনি স্বতাধিকাৰীক তেল মাৰি লেনিয়াই লেনিয়াই পাছৱৰ্ডটো সুধি ল’ব পাৰে । এনেদৰে সোধা কাৰ্য্যত “তুমি মোকো নিদিয়া তাৰমানে ?”, “হব্ব, তাতকৈ চিধা-চিধি কৈ দিয়া তুমি মোক বিশ্বাস নকৰা বুলি !”,  “তোমাৰ আৰু মোৰ প্ৰাইভেচী আছে জানো, সাধাৰণ পাছৱৰ্ড এটা দিব ইমান সংকোচ কৰানে !”, “নামাতিবা আজিৰ পৰা মোক”... Continue Reading →

“ডুখৰীয়া”

“ফুটেজকেইটা আনিছ ?”“আনিছো ।” - নীলোৎপলৰ প্ৰশ্নৰ উত্তৰ দি অবিনাশে জেপৰ চাবিটোৰে দুমহলাত থকা প্ৰেছ ক্লাবৰ দৰ্জাখনৰ তলা ঘূৰালে । খিটিঙকৈ শব্দ কৰি দৰ্জাখন খোল খাই গ’ল । নীলোৎপলে পিঠিৰ বেগটো মেজখনৰ ওপৰত নমাই অবিনাশলৈ চালে । সি মেমৰি কাৰ্ড এখন কাৰ্ড-ৰিডাৰ এটাত লগোৱাত ব্যস্ত । তাক আমনি নকৰি অবিনাশে এনেই এবাৰ খিৰিকীখন খুলি তলৰ... Continue Reading →

“গাড়ীৰ বিষয়ে এখন সঁচা ৰচনা”

আৰম্ভণি : গাড়ী এবিধ ঘৰচীয়া যন্ত্ৰ । দুঠেঙীয়া, তিনিঠেঙীয়া, চাৰিঠেঙীয়া আদি গাড়ীৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি যদিও নিৰন্তৰ বিৱৰ্তন আৰু ক্ৰমবিকাশৰ ফলত এঠেঙীয়া, ছয়ঠেঙীয়া, দহ-বাৰঠেঙীয়া পৰ্যন্ত গাড়ী দেখিবলৈ পোৱা যায় । ভাৰতীয় পৰম্পৰাত প্ৰাক-বৈদিক যুগৰে পৰা গাড়ীৰ এক বিশেষ স্থান আছে । তলত সেই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল । সাংস্কৃতিক গুৰুত্ব : ভাৰতীয় সংস্কৃতিৰ লগত... Continue Reading →

“গাড়ীচালনা আৰু দুটামান সৰু-সুৰা কথা”

: ষ্টিয়েৰিঙ : একেবাৰে সৰুৰ পৰাই গাড়ী বুলিলে প্ৰথমে মনলৈ অহা বস্তুটোৱেই হৈছে ষ্টিয়েৰিঙ হুইল । গাড়ী এখনৰ চালকৰ বাবে ষ্টিয়েৰিঙেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ । ষ্টিয়েৰিঙৰ লগত জড়িত কিছুমান সৰু সৰু কথা তলত আগবঢ়ালো - কি কি নকৰিব : ১. প্ৰথম, ষ্টিয়েৰিঙডাল কেতিয়াও কেৰেচীয়াকৈ নধৰিব । অৰ্থাৎ ষ্টিয়েৰিঙ ধৰা সময়ত আপোনাৰ হাত দুখনে যাতে... Continue Reading →

পৰিপূৰক

(১)কেমেৰাসহ মবাইলতো বেয়া হৈ থাকিল । কাম চলাব পৰাকৈ মবাইলটোৰ ব্যৱস্থা এটা কৰি ল'লো, পাছে এইবাৰ কেমেৰাটো সাংঘাটিক দুৰ্বল ।"কেমেৰা নোহোৱাকৈ কাম কেনেকৈ চলাম বে ?"কেমেৰা নাই, তথাপিও চলি আছো ।মাই কৈছিল ভাল নতুন মবাইল এটা কিনাৰ কথা ।নালাগে, সেইটো মবাইলেৰে ভালেই চলি আছো । (২)ব্যক্তিগত প্ৰয়োজনত লেপটপটোৰ অপাৰেটিং ছিষ্টেম 'কালি লিনাক্স'(Kali Linux) কৰি ল'বলগীয়া... Continue Reading →

টমাছ আলভা এডিছনক অতিক্ৰম কৰা দুজন মানুহ ~ পংকজ জ্যোতি মহন্ত

Source: টমাছ আলভা এডিছনক অতিক্ৰম কৰা দুজন মানুহ আকস্মিকভাৱে কিবা সুযোগ পাই ডাঙৰ সফলতা অৰ্জন কৰিলেও বা জন্মগত আজৱ দক্ষতাৰে বিশ্বৰ ভিতৰতে বিৰল বুলি স্বীকৃত হ’লেও, তেনে মানুহে আনক অনুপ্ৰাণিত কৰিব নোৱাৰে৷ এজন ব্যক্তিৰ কৃতকাৰ্যতাৰ লগত তেওঁৰ নিজক অতিক্ৰম কৰাৰ সাধনা, কঠোৰ অনুশীলন, একাগ্ৰতা আদি যুক্ত থাকিলেহে সেই কৃতকাৰ্যতাই আনক প্ৰেৰণা যোগাব পাৰে৷ সেইবাবেই, গ্ৰিনিছ-বুকত... Continue Reading →

জনসাধাৰণৰ বিজ্ঞানমনস্কতাৰ নেতিবাচক ছবিয়ে আশাহত কৰিছে

বাস্তৱ ।

শব্দ শৃংখল

article_update_img

তথ্য-প্ৰমানৰ দ্বাৰা সত্য অম্বেষণৰ নিৰাৱেগ গতিশীল মানৱীয় প্ৰক্ৰিয়াই হৈছে বিজ্ঞান ৷ বিজ্ঞান সত্যৰ চৰম সীমাত উপনীত হোৱাহি নাই,  আজিও ই সত্যানুসন্ধানৰ এটা বৌদ্ধিক অভিযানহে মাথোঁ ৷ এই বিজ্ঞানৰ ইতিহাসো সাফল্য-বিফল্য, উৎসাহ-হতাশা, ঘাত- প্ৰতিঘাটৰে পৰিপূৰ্ণ এক স্হৱিৰতা বিহীন যাত্ৰা ৷ বিগত সময়বোৰৰ দৰেই, এইবছৰটো বিজ্ঞান-প্ৰযুক্তিৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে চিহ্নিত হৈছে ৷ মহাকাশ বিজ্ঞানৰ পৰা চিকিৎসা বিজ্ঞানলৈকে সকলোতে বিজ্ঞানৰ চমকপ্ৰদ সফলতাই পূৰ্বৰ  অলৌকিক চিন্তা ধাৰাৰ পৰা মুক্ত কৰি মহাবিশ্বত আমাৰ ঠিকনা, জন্মৰ ৰহস্য সম্পৰ্কে ন ন তথ্যৰে  আমাৰ চিন্তা ধাৰাক সলনি কৰিব সক্ষম হৈছে ৷ বিজ্ঞান-প্ৰযুক্তিৰ এই চমকপ্ৰদ জয়যাত্ৰা   অন্ধবিশ্বাস, ধৰ্মীয় গোঢ়ামী, কুসংস্কাৰৰ বিৰুদ্ধে ও চোকা অস্ত্ৰ হৈ পৰিছে ৷

বছৰটোৰ বিজ্ঞান-প্ৰযুক্তিৰ  সৰু- ডাঙৰ বহু কেইটা উদ্ভাৱন, আৱিস্কাৰ আৰু গৱেষণাই  সফলতা লাভ কৰিছে ৷ তাৰ ভিতৰত অন্যতম আইনষ্টাইনে 1916 চনতে তাত্বিকভাৱে ঘোষণা কৰা  ‘মহাকৰ্ষীয় তৰংগ’ (Gravitational wave) সম্পৰ্কীয় প্ৰমাণ  ৷এই মহাকৰ্ষণীয় তৰংগৰ প্ৰথম পৰ্যাবেক্ষণৰ কথাটো ৰাজহুৱা কৰা হৈছিল 2016 চনৰ 11 ফ্ৰেবুৱাৰী তাৰিখে ৷ চলিত বৰ্ষৰৰ (2017) জানুৱাৰি মাহৰ 4 তাৰিখে…

View original post 927 more words

মুখা

খুব ব্যস্ত থাকিব লগা হয় আজিকালি। সপ্তাহটোৰ ৱৰ্কিং ডে কেইটাত মৰিবলৈকো বুলি হাতত সময় অকণ নাপাওঁ, গতিকে আজি শনিবাৰটোত হাফ ডে ৰেষ্ট পাই আনন্দিত নোহোৱাৰ কথাই নাই। প্ৰকাণ্ড এপাৰ্ণ্টমেণ্টটোৰ দহ নম্বৰ মহলালৈ লিফটেৰে বগাই কোঠাত সোমায়েই হাতৰ ব্ৰিফকেচটো (সেইটোক বেগ বুলিলে ষ্টেণ্টাৰ্ড নুশুনি হেনো) বিছনাখনত দলিয়াই থৈ কাপোৰ নসলোৱাকৈয়ে ছোফাখনত হেলান দি সন্ধিয়াটোৰ সময়খিনি কিদৰে... Continue Reading →

প্ৰজন্ম

"হেপী নিউ ইয়েৰ" (১)প্ৰতিবছৰে চোৱাৰ দৰে আজিও বছৰৰ দিনটোত শুদ্ধোধন চৌধুৰীয়ে গ্ৰীটিংছ কাৰ্ডৰ টোপোলাটো সযতনে উলিয়াই খুলি চালে । হেপী নিউ ইয়াৰ ১৯৮৭, হেপী নিউ ইয়াৰ ১৯৮৮.....আৰু শেষত এইখন হেপী নিউ ইয়াৰ ১৯৯০ । ওঁঠত মিচিকিয়া হাঁহিটোৱে ঢৌ খেলি গ’ল , মায়াই দিয়া কাৰ্ড এইকেইখন । চৌধুৰীৰ কলেজত পঢ়ি থকা সময়ৰ কথা এটা মনত পৰি গ’ল... Continue Reading →

চান্দা আৰু ঠিকাদাৰৰ নামত পোন্ধৰটা মিনিট

সেই চাৰিবজাতে ভাতগাল গিলি চকটোলৈ বুলি ওলাই আহিছিলো, কলেজৰ পুৰণা লগ দুটামানক লগ পাই আড্ডা দিওঁতে কেতিয়ানো সন্ধিয়া নামি আন্ধাৰ হ'ল গমকে নাপালো । গোটেইমখাক বিদায় দি যেতিয়া ৰাস্তাত ভৰি থওঁ তেতিয়া নিশা আঠমান বাজিছে । মানুহ-দুনুহ সেৰেঙা । বেছ কুঁৱলী পৰিছে এইকেইদিন, এক-ডেৰমিটাৰ দূৰত কি আছে মণিব নোৱাৰি । মাজে মাজে কুঁৱলী ফালি দুই-এখন... Continue Reading →

সোঁৱৰণী- গেটৱে একাডেমী জুনিয়ৰ কলেজ

যোৱাৰ আগে আগে এবাৰ উভতি চাইছো দুটা বছৰ.. দুখবোৰেই জীৱনৰ চিৰলগৰী, সুখবোৰ অতিথিহে, মাজে মাজে আহে । এই দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব... Continue Reading →

টু-লেট

এইটো হোষ্টেল আৰু ক্লাছৰ উমৈহতীয়া ষ্টৰি । বেছি পুৰণি নহয়, যোৱাবছৰ জুন-জুলাইৰ । গুৱাহাটী আই.আই.টি.ত কম্পিউটাৰ বিজ্ঞান বিভাগৰ কৰ্মশালা এখনত ভাগ লৈছিলো, বিষয়টো আছিল চাৰ্টিফাইড ইথিকেল হেকিং আৰু চাইবাৰ চিকিউৰিটী । আটাইবোৰ ঠিকে-ঠাকে হৈ গৈ থাকিলে কামবোৰ কৰি সাংঘাটিক ইণ্টাৰেষ্ট লাগে, পাছে কৰবাত সামান্য ভুল হৈ গলেই লেঠা আৰম্ভ হয়, তাতেই গোটেইসোপাৰ মাজত ময়েই আছিলো... Continue Reading →

জীৱন বাটে-ঘাটে

আধাৰ কাৰ্ডৰ কামবিলাক আমাৰ এইফালে আৰম্ভ হোৱা ভালেকেইদিনো হৈ গ’ল যদিও অইন এলেহুৱা মানুহবিলাকৰ দৰে ময়ো সময়ৰ অভাৱৰ অজুহাত দি অতদিনে সেইমুৱা হোৱা নাছিলো । পাছে এটা অফিচিয়েল কামত লৰা-লৰিকৈ আধাৰ-কাৰ্ডৰ আৱশ্যক হোৱাত মই আহি এয়া আমাৰ পোষ্ট-অফিচটোৰ বাৰান্দাত বাহৰ পাতিছোহি । আবেদন-পত্ৰখন জমা দিব গৈহে দেখো ভিতৰৰ টেবুলখনৰ কাষত কি ভয়ংকৰ ভিৰ আৰু হৈ-হাল্লাৰ... Continue Reading →

চিঠি – এটা প্ৰেমৰ গল্প ~ লহৰ নাথ

(১) কলিং বেলৰ শব্দত হাতৰ কাগজখনৰ পৰা মূৰ তুলি দুৱাৰখনৰ ফালে চালো । কোম্পানীৰ ডিগবৈ ব্ৰান্সটোত নতুনকৈ ট্ৰেন্সফাৰ হোৱা আজি তিনিদিনো হোৱা নাই, এতিয়াও থাকিব পৰা কোৱাৰ্টাৰ ঠিক হোৱা নাই বাবেই পি.ডব্লিউ.ডি.ৰ এই গেষ্ট হাউচটোতেই আছোহি । ইয়াতো অৱশ্যে থকা-শোৱাত বিশেষ একো সমস্যা হোৱা নাই । কোম্পানীৰ বৰা উপাধিৰ তদাৰকী বিষয়াজনে সকলোখিনি থান-থিত লগাই অলপ... Continue Reading →

: আকাশৰ নীলাখিনিৰ কথাৰে –এটা প্ৰেমৰ গল্প : ~ লহৰ নাথ

সেইদিনা আছিল ডিচেম্বৰ মাহৰ ৮ তাৰিখ । বন্ধু এজনৰ লগত এটা এৰাব নোৱাৰা কামত গুৱাহাটীলৈ যাব লগীয়া হ’ল । তেতিয়া প্ৰায় চাৰিটা বাজিছে যেতিয়া আমি কাম-কাজৰ সকলো লেঠা শেষ কৰি যেতিয়া ঘৰমুৱা বাছৰ অপেক্ষাত…. এ.এছ.টি.চি.ৰ বাছখন আহি যেতিয়া বাছ আস্থানত ৰ’লহি তেতিয়া সময় প্ৰায় চাৰি বাজি পোন্ধৰ মিনিট|বাছখন আহি ৰোৱাৰ লগে লগে বাছত উঠিবলৈ আটাইৰে... Continue Reading →

সৌভাগ্য

“Nearly 1.3 million people die in road crashes each year, on average 3,287 deaths a day. An additional 20-50 million are injured or disabled. More than half of all road traffic deaths occur among young adults ages 15-44.” : বুজিলি ? : ও । : কি বুজিলি ? : তেৰ লাখ মানুহ প্ৰতিবছৰে এক্সিডেণ্টত মৰে... Continue Reading →

বগা ছালৰ ধুনীয়া গাভৰুৰ প্ৰেমত নপৰিবি কোনোদিন

নিশাবোৰ কৰাল মাৰে মানে কবিৰ ঠিকনা সলনি হয় । তেতিয়ালৈ হয়তোবা নিচাৰ শেষত নলাত বাগৰি থাকে কবি, আলিচুকৰ আন্ধাৰ লাইটপোষ্টত ভেঁজা দি ৰৈ থাকে কবি অথবা সস্তীয়া চুলাইৰ বাকীৰ খাতাত ওলমি ৰয় কবি । ‘য়ে জিন্দেগী দো পল কী ..’ আব্বে জীৱনেই যদি দুদিনীয়া চুলাইৰ বাকী কেনেকৈ দহদিনীয়া ? যতসব নিমিলা অংক ! মাজনিশা ছশটকীয়া... Continue Reading →

ৱাল মেগাজিনৰ দান

এবাৰ কলেজৰ ৱাল মেগাজিনত “জয়াস্মিতা তোমাৰ ওঁঠৰ তিলটোৱে মোৰ টোপনি খালে” জাতীয় পেনপেনীয়া কিবা এটা লিখিছিলো । মই তেতিয়ালৈকে জনা নাছিলো যে কলেজত সঁচা-সঁচিকৈ জয়াস্মিতা নামৰ এজনী ছোৱালীও আছিল আৰু হয়তো মোৰ দুভাৰ্গ্যৰ বাবেই তাইৰো ওঁঠৰ তলত সৰুকৈ তিল এটাও আছিল । কলা শাখাৰ ছোৱালীজনীয়ে ৱাল মেগাজিনখন পঢ়িয়েই মোৰ লগত চিনাকি হ’বলৈ আহিল । আচল... Continue Reading →

তাৰ কথাৰে..

আজি সি কলেজলৈ বহুত পলমকৈহে আহি পালে । মই সুধিলো তাক বোলো তই কিয় ইমান দেৰি কৰিলি ? নাই নকয় সি !!মই ভাবিলো মৰমলগা আপাতো দেখি কোনোবাই কিবা যাদু-মন্ত্ৰই কৰিলে নেকি !! পিছে যেতিয়া মই কাৰণটো গম পালো মই চকুৰে সৰিয়হ ফুল দেখি গলো…অকল সৰিয়হ ফুলেই নহয়;বাঁহ ফুল,থেকেৰাৰ ফুল.ডিমৰুৰ ফুল,খেজুৰৰ ফুল আদিকে ধৰি গোটেই ফুলৰ... Continue Reading →

ৰহস্যৰ সন্ধানত

বাচষ্টেণ্ডৰ পাছফালৰ সুৰসুৰীয়া ৰাস্তাটোৰে বোকা পানী গছকি আধাঘণ্টা মান গৈ থাকিলে পথাৰৰ কেঁচা আলিত উঠিব পাৰি । সেই কেঁচা আলিয়েদি গৈ থাকিলে গাঁৱৰ মেইন ৰাস্তাটো পোৱা যায় । মেইন ৰাস্তাইদি উত্তৰে দুমাইলমান যোৱাৰ পাছত পশ্চিমফালে ঘূৰিলেই চকুত পৰে পদুম পুখুৰীটোত জাক জাক জাকৈয়া গাভৰু আৰু কাণত বাজে সিঁহতৰ সেউজীয়া হাঁহিৰ খিলখিলনি ।তাৰ পাছত এখন তামোল... Continue Reading →

অথঃ ক্ৰিকেট সংবাদ

ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ খেলা চলি আছে । ইণ্ডিয়া বেটিঙত, তাই ঘৰৰ মানুহৰ লগত বহি খেলা চাই আছে । তাৰে কিছু কথোপকথনৰ নমুনা এনেধৰণৰ – তাই : মা, মই এতিয়াই কৈ দিব পাৰো যে এই খেলখনত কোন জিকিব ? মাক : কচোন, কোন জিকিব ? “ইণ্ডিয়া হাৰিব, অষ্ট্ৰেলিয়া জিকিব ।” খেলা চাই থকা আটায়ে সুধিলে, “তই... Continue Reading →

বেবীগল্প (১-১৪)

['বেবীগল্প' নামটো লেখকৰ মৌলিক সৃষ্টি । দৈৰ্ঘ্যক চাই ইয়াক অনুগল্পৰ ৰূপান্তৰো বুলিব পাৰে । ইয়াক সাধাৰণতে দুই বা তিনিশাৰীত সমাপ্ত কৰিবলৈ যত্ন কৰা হয় যদিও সকলো ক্ষেত্ৰত এই সীমা মানি চলাটো সম্ভৱ নহয় । এশাৰী বক্ৰোক্তি (irony)ৰে আৰম্ভ কৰা এই গল্পসমূহে বহুক্ষেত্ৰত পাঠকৰ মনত বিমল হাস্যৰসৰ যোগান ধৰিবলৈ সক্ষম হয় । অৱশ্যে কিছু কিছু ক্ষেত্ৰত... Continue Reading →

কবিৰ আউটডেটেট বিছনা

সেমেকা সপোন এটি নিশাহত সাৱটি সন্ধিয়াৰ বিছনাত পৰি থাকে কবি কবিৰ বুকুয়েদি দাগ কাটি পাৰ হৈ যায় পৰিৱৰ্তনৰ চকৰি । সকলো বস্তুৰ আগত ই যোগ কৰি ডিজিটেল কৰাৰ হালধীয়া সপোন কবিজন ই-কবি হব পৰা নাই আউটডেটেড আন্ধাৰখিনিক চোলাৰ আগপকেটত ভৰাই কবিয়ে ভাবে, আকাশৰ নীলাখিনিক পাৰিলেও সেউজীয়াখিনিক ডিজিটেল কৰিব পাৰি জানো ? পাৰি জানো বিষাদৰ ৰঙাখিনিক... Continue Reading →

যি বাটে নগ’লো সেয়াহে ভাল (The Road Not Taken)

মূল কবি :  Robert Frost সৰাপাত শুকান হালধীয়াজাকৰ মাজতেই ৰাস্তাটোৱে পোখা মেলিছিল, পাছে হেঁপাহে বিচাৰিলেও জীৱনে ৰচিবলৈ নিদিয়ে দুয়োটা পথতে খোজৰ অগ্ৰগামীতাৰ সমীকৰণ । মই যেন লগা মোৰ সত্ত্বাটো থমকিছিলো ভুমুকিয়াইছিলো দৃষ্টিৰ সীমনালৈ সন্মুখৰ কেঁকুৰিটোয়েই আঁৰ কৰিছিল পথৰ ঠিকনা ;   অন্যটো পথ, সম্ভৱতঃ কিছু সতেজ প্ৰমাণ- সেউজ আৱৰণৰ অস্তিত্ব আৰু অতীত পদচিহ্নৰ অনুপস্থিতি; কিন্তু... Continue Reading →

তোমাৰ নামত সৰুকৈ এটা তাজমহল সজাম

তোমাৰ নামেৰে সজাব পৰা হ’লে এটা তাজমহল সৰু হওঁক কথা নাই, তাজমহল হ’লেই হ’ল। পাৰিমনে সজাবলৈ ?? ওহো নোৱাৰিম চাগে বহুদিনেই হ’ল তেনেই উদং জেপ বহুদিনেই হ’ল নিবনুৱাৰ লেবেলখন কপালত লগাই অফিচৰ দুৱাৰে দুৱাৰে চাকৰি বিচাৰি ঘূৰা, একেই ফৰ্মেলেটিছ, আবেদন, সাক্ষাৎকাৰ । (শূণ্যৰ আৱিষ্কাৰো ভাৰততে হৈছিল নহয় সেইবাবেই চাগে ইয়াত চাৰিওফালে শূণ্যৰ দপদপনি ! )... Continue Reading →

স্তৱক

(১) বিনিময় তোমাক ভালপোৱাটো যদি ভুল আছিল তেন্তে ভুলবোৰ ঘূৰাই নিয়া আৰু হৃদয়খন ওভতাই দিয়া !   (২) সংৰক্ষণ তোমাৰ সোঁৱৰণত নামি অহা চকুলোৰ নিমখীয়াখিনিতে সংৰক্ষিত কৰি ৰাখিম তুমি ভাঙি থৈ যোৱা হৃদয়খনৰ টুকুৰাবোৰ !   (৩) চিগাৰেট হেজাৰযোৰ চকুৰ শাণিত দৃষ্টিৰ আগত মুকলিকৈ জ্ৰলি জ্বলি আহে তাইৰ দেহৰ শুভ্ৰবসন.. আঁতুৰ ওঠৰ চেপাত বন্দী তাইৰ... Continue Reading →

মোক কবি বুলি ভুল নকৰিব

মোক কবি বুলি ভুল নকৰিব , কোনো কবি তনয়াক দুবাহুত বন্দী কৰাৰ দুৰন্ত অভিলাষো নাই মোৰ, কেৱল মাত্ৰ অলপ টাইমপাছ,অলপ এবছাৰ্ড   কবিতা হৈছে অসমমিত আঁক-বাক, ইয়াত বৃত্তয়ো মানি নচলিব পাৰে আপোনাৰ পৰিচিত জ্যামিতিক সংজ্ঞা, কাৰণ… কাৰণ কবিতা মানে কাৰ্বন শৃংখলৰ নামাকৰণ নহয়, (যদিওবা গ্ৰেফাইট কাৰ্বনৰেই এটি অৱৰূপ !) কাৰণ কবিতাই মানি নচলে সৰল পৰ্যাবৃত্ত... Continue Reading →

পলায়ন

সোঁৱৰণীবোৰ জ্বলাই দিব পৰা হ'লে অথবা পি খাব পৰা হলে বৰষুণজাক অন্তত তেতিয়া বাৰিষাৰ নিশাবোৰত চকুপানীত ওপঙি নুফুৰিলহেঁতেন তুমি দি থৈ যোৱা সপোনজাকৰ ভঙা টুকুৰাবোৰ !   ভাল লাগে বৰষুণ মোৰ বৰষুণৰ পানীয়ে ধুৱাই লৈ যায় তুমি দেখুওৱা মিছা সপোনৰ দাগবোৰ ,   আনকি এতিয়াও তুমি আঁতৰি যোৱাৰ পাছতো বৰষুণত অকলশৰে খোজকাঢ়ো মই কিয় জানা... Continue Reading →

প্ৰতিবিম্ব

(১) “বাই বাই, যাবা দেই তুমি ।একো বেয়া-চেয়া নাপাবা হা    । আৰু শুনা, গৈ পাই এটা ফোন কৰিবা  দেই ।” “বাৰু বাৰু, বাই ।” হাত জোকাৰি তাইক বিদায় দিলে সি । সি ল’ৰাটো সৰুৰে পৰাই নীৰৱ আৰু অৰ্ন্তমুখী, সাধাৰণতে তাৰ লগ-বন্ধু নাই বুলিলেই হয় ।তাইক লগ পোৱা ভালকৈ এটা মাহো হোৱা নাই তাৰ, কিন্তু এইকেইদিনতে... Continue Reading →

পূৱ-কামৰূপ কলেজৰ তুমি পল্লৱী ডেকা

এক্সিউজ মি পল্লৱী ইয়েছ তোমাকে কৈছো এক মিনিট শুনি যোৱানা, চায়েন্সৰ ফিজিক্স-কেমেষ্ট্ৰিৰ পৃথিৱীখনৰ পৰা ওলাই আহি যাওঁ বলা এবাৰলৈ হ’লেও কলেজ বিল্ডিঙৰ ছাদলৈ ছাদৰ ওপৰৰ পৰা হিচাপ কৰিম চাৰিওফালে লাহে লাহে বাঢ়ি অহা অট্টালিকাবোৰৰ উচ্চতাৰ সমীকৰণ বদনামী পিকেচিয়ান বতাহজাকক থমকি ৰ’বলৈ দিবা তোমাৰ চুলিৰ অন্তৰাবোৰত !   এঘণ্টাৰ বাবে মনৰ পৰা দলিয়াই দিয়া কেৰিয়াৰ অথবা... Continue Reading →

হামজা বেনডল্লাজ ওৰফে অনলাইন ৰবীন হুড : হেকিঙৰ পৃথিৱীৰ মুকুটবিহীন সম্ৰাটজন

হামজা বেনডেল্লাজ, সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ—অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ । মাত্ৰ ২৭ বছৰ বয়সতে হামজা বেনডেল্লাজে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিক আঁকোৱালি লোৱা বুলি চৌদিশে বিয়পি পৰা খবৰটো আছিল ছচিয়েল মিডিয়াৰ কল্যাণত বিশ্বৰ চুকে-কোণে ছিটিকি পৰা এই শতিকাৰ অন্যতম প্ৰচাৰিত উৰাবাতৰি । কম্পিউটাৰ বিজ্ঞানৰ... Continue Reading →

চাইবাৰ জগতৰ ইটো-সিটো

আজিকালি ফেচবুকত যেন হেকিং শব্দটো ব্যৱহাৰ কৰাৰ কিবা জোঁৱাৰহে উঠিছে ! “মোৰ ফেচবুক একাউণ্টটো হেক হৈছে” –এনেধৰণৰ পোষ্ট নিশ্চয় আপোনালোকেও দেখিছে ।ফেচবুক হেক হৈছে বুলি পোষ্ট দিয়াজনৰ একাউণ্ট লাগিলে ফেচবুকৰ নিয়ম আৰু চৰ্ত(Terms and Condition) উলংঘনৰ বাবেই বা যান্ত্ৰিক ক্ৰুটি(Error)ৰ বাবেই ফেচবুকৰ দ্বাৰাই বন্ধ কৰি দিয়া যাওঁক, তথাপিও পোষ্ট দিব যে ফেচবুক একাউণ্টটো হেক হৈছে... Continue Reading →

এবাৰ প্ৰ’পজ দি চাবপৰা হ’লে তোমাক

বহুবাৰ.. এৰা বহুবাৰ আমাৰ চাৰি চকুৰ মিলন হৈছে হয়তোবা কলেজ গেটৰ সন্মুখত নহ’লে বাছষ্টেণ্ডত অথবা শেষৰাতিৰ সপোনত ! গোটেই চাৰিআলিখনক সাক্ষী কৰি এবাৰলৈ ক’ব পৰাহেঁতেন “ভালপাওঁ অ’ তোমাক !” “পল্লৱী, মই কাষত থকা পলবোৰত তুমি মোৰ সংগ দিবা মোৰ হৈ ৰ’বা মইবিহীন পলবোৰতো তোমাৰ বুকুত এবাৰলৈ খেপিয়ালেই মোক পাবা !” কি ৰোমাণ্টিক…নহয়নে ? না ক’বলৈ... Continue Reading →

অস্তৰাগ

মৰমৰ , কেনে আছা বুলি নোসোধো ! কিয় জানা ? তুমি চোন সদায়েই মৰমলগা ধুনু মাইনাজনীয়েই হৈ থাকা । মিছা-মিছি সুধিনো লাভ কি ! তাতকৈ সেইখিনি সময়ত আকৌ এবাৰ মনতে আঁকি লওঁ হাঁহি দিলে তোমাৰ দুগালত পৰা টোল কেইটাৰে লৈতে মৰমলগা মুখখন ।জানা সোণজনী, আজি পুৱাৰ পৰাই মেঘে গৰজিয়েই আছে , ধাৰাসাৰ বৰষুণ ।বিছনাত বহি... Continue Reading →

চিঠি

(হেম বৰুৱা দেৱৰ সশ্ৰদ্ধ সোঁৱৰণত ) “Those special memories of you always bring a mile, If you I could have you for a little while, Then we could sit and talk again just like we used to do… The fact that you’re no longer here always cause me pain But you’re forever in my heart,... Continue Reading →

ডাবল মিনিং আৰু কিছু কথা

দ্বৈত অৰ্থ অথবা ডাবল মিনিং শব্দৰে সাধাৰণতে এনেধৰণৰ শব্দ অথবা ব্যকাংশক বুজোৱা হয় যাক দুটা ভিন ভিন ধৰণেৰে বুজিব পৰা যায় – প্ৰথম, শব্দৰ অবিধা অথবা মুখ্য অৰ্থ দ্বিতীয়, আভিধানিক অৰ্থৰ পৰা বিছিন্ন হৈ সম্পূৰ্ণ অইন অৰ্থ, কোনো কোনো ক্ষেত্ৰত এই অৰ্থই শালীনতাৰ সীমা অতিক্ৰম কৰাও দেখা যায় । দ্বৈত অৰ্থৰ ধাৰণাটো নতুন নহয়, যুগে... Continue Reading →

যিবোৰ কথা তই নুবুজিলি..

(১) "ডায়েৰী" তোৰ কলিজাৰ ধপধপনিৰে আজিও ৰঙীন হৈ আছে প্ৰতিখিলা পৃষ্ঠা । (২) "টোল" জান-নাজানকৈ এবাৰ তই হাঁহি দিলিআৰু মই আকণ্ঠ প্ৰাচীন তৃষাৰে বৈ পৰিলোতোৰ মগজুৰ পৰা ওঁঠলৈ,(নে ওঁঠৰ পৰা বুকুলৈ ।) (৩) "কৈফিয়ৎ" তই মোক এৰিলিতোক ক’বলৈ মোৰ একো নাইভুলটো মোৰহেতোৰ বুকুত নিজলৈ বুলি এটুকুৰা ঠায়ো বনাব নোৱাৰিলো । (৪) "বিয়লি" তোৰ দোষ নাছিলঅৱশ্যে... Continue Reading →

মৌলিক

(১) "ৰুটি” পূৰ্ণিমাৰ আকাশত ওলমি থাকে অলপকৈ দেই যোৱা এখন ৰুটি কেতিয়াবা ৰুটিখন আধাখোৱা হৈ থাকে কেতিয়াবা ৰুটিখন নাথাকে । (২) “তুলি” ওপৰত তৰাফুল তলত ধূলি কাষত তন্দ্ৰালু ঘাইপথ । (৩) “বসন” কপাহ অথবা পলিয়েষ্টাৰৰ ফিচিকি যোৱা সাজোন আৰু তাৰ ভিতৰত একোটাকৈ চলমান জঁকা ।

তোক ভালপাব পৰাকৈ…

(১) “আলাপ” তই সুধিলি, “কিয় ভালপাৱ মোক ?” মই ক’লো, “ভালপাবলৈ কাৰণ লাগে জানো ? তোক লগ পালো আৰু ডুবি গ’লো আকণ্ঠ সেউজীয়াত !” (২) “সাক্ষাত” তই সুধিলি, “তই মোক এৰিলি নে মই তোক এৰিলো ?” আকাশখন চকুৰ মণিত থূপ খুৱাই মই ক’লো, “নহয় অ’ , মৰমবোৰেহে আমাক এৰিলে চাগে !” (৩) “অসুখ” “আপুনি কল... Continue Reading →

কিতাপৰ কথা

সাধুকিতাপ পঢ়াৰ বয়স আছিল তেতিয়া মোৰ, ক্লাছ ফ’ৰ মানত থাকোতে খুড়াৰ আলমাৰিটোত কিতাপ বিচাৰি ঘূৰ্মূতিয়াই ফুৰো । বেছিভাগ কিতাপৰে নামবোৰ গতানুগতিক, অগত্যা গতানুগতিক নহলেও নামবিলাক বুজিব পৰা বিধৰ আছিল । তেনেতে ৰঙা কভাৰৰ কিতাপ এখনৰ ওপৰত চকু পৰিল । লেখক প্ৰবীৰ ঘোষ, নামটো অদ্ভূত, “মই ঈশ্বৰক বিশ্বাস নকৰো কিয় ?” উৱা, এইখন আকৌ কিবা কিতাপ... Continue Reading →

অথঃ মটৰচাইকেল সংবাদ

  (১) বাহনখনৰ বয়স হৈছে । সোঁভৰিৰ প্ৰচণ্ড কিকৰ বাদে ছেলফতো যে মটৰচাইকেল ষ্টাৰ্ট দিব পাৰি সেইটো পাহৰাৰ দৰেই হৈছে । ৰাস্তাই-ঘাটে দেখিলেহে মনত পৰে আৰু মাজে মাজে ! (২) ভ্ৰুমমম……ঘেচেক বিয়াঘৰত নাইবা চ’কত ৰখাই থোৱা মটৰচাইকেলখনৰ ওপৰত বহি আড্ডা মাৰি থাক, নৌ আপত্তি । পাছে বাইকখনৰ পৰা উঠি যাওঁতে গীয়েৰটো তিনি-চাৰি নম্বৰত লগাই নাইবা... Continue Reading →

নিউটনৰ স’তে এটি সন্ধিয়া

“মাজে মাজে চেনিও চুৰ কৰি চাব পাৰা । আধা চামুচ চেনি খাই দিলেও আধা ঘণ্টা চলি থাকিব পৰাকৈ এনাৰ্জি পায় ।” “সেইকাৰণেই হ’বলা তই ছোৱালীৰ ইনবক্সে-ইনবক্সে চেনি দি ফুৰ ।” “ই হাৰামীয়ে চাহিত্য কৰে নহয় । এইটোও কিবা চাহিত্য । চেনিচোৰ চাল্লা । ঐ ৰতনদা, এইফালে চাৰিটা চাহ আৰু চাৰিটা চিঙাৰা দিবচোন । একপ্লেট চেনিও... Continue Reading →

“ অপেক্ষা ”

সি আহিব । তাই ৰৈ আছে তালৈ ।দুটা বছৰৰ আপোন হৈ পৰা অসমীয়া ডিপাৰ্ণ্টমেণ্টটো আৰু তাতোতকৈয়ো আপোন হৈ পৰা সিহঁত দুটাৰ কথা লগৰ কোনেনো নাজানিছিল ! সেই ইউনিৰ্ভাছিটি এৰাৰ পৰা ভালকৈ লগেই পোৱা নাই তাক । ইউনিৰ্ভাছিটি এৰিয়েই এটা এন.জি.অ’ত সোমাই কিবা প্ৰজেক্টৰ নামত টলৌ-টলৌকৈ ডেৰটা বছৰ অৰঙে-দৰঙে ঘূৰি পৰহি সি আকৌ উভটিছে গুৱাহাটীৰ ঘৰখনলৈ... Continue Reading →

“ বাৰিষাৰ বৰষুণজাকে মোক ভালপাবলৈ নিশিকায় ”

আপোনাৰ দৰেকৈ ময়ো সুখী আকাশ ফাটি নামি অহা বৰষুণৰজাকক লৈ কিন্তু সুখী নহয় তাই আৰু তাইৰ দৰে অনেকজন যিসকল স্থায়ী ঠিকনা ফুটপাথ কিম্বা লাইটপোষ্ট ,   বাৰিষাৰ ৰাতি যেতিয়া কোনোবা অৰুন্ধতীয়ে বুকুত গাৰু সাৱটি কল্পনা কৰে প্ৰেমিকৰ সুঠাম দুবাহুৰ সবল চেপাৰ সুখ , তেতিয়া তাই শতচ্ছিন্ন বস্ত্ৰৰ টুকুৰাৰে আৱৰিব খোজে বিগলিত বৰষাৰ শাণিত শৰবোৰ ।... Continue Reading →

“ বাৰিষাৰ বৰষুণজাকৰ প্ৰেমত মই ছাতিটো হেৰুৱালো ”

পৃথিৱীত দুই প্ৰকাৰৰ মানুহ থাকে । এভাগে অনুভৱ কৰে বৰষুণ, আনভাগে মাথো তিতি জুৰুলি-জুপুৰি হয় সূৰুযৰ কিৰণে সৌন্দৰ্য আনে বুলি কোৱাসকলে কেতিয়াও অনুভৱ কৰিব নোৱাৰে ডাৱৰীয়া বৰষুণজাকৰ পৰশবোৰ ।   ভালপোৱা হেনো বৰষুণৰ দৰে, বুকুলৈ তিয়াই থৈ যায় আটাইকে বৰষুণৰ টোপালবোৰ সাহসী, কাৰণ সিহঁতে ভয় নকৰে তললৈ সৰি পৰিবলৈও…   উদং ৰাজপথত বৰষুণজাকৰ মাজতেই তোমাৰ... Continue Reading →

Create a website or blog at WordPress.com

Up ↑

সংগীত

An attempt to archive popular Assamese songs..

সপোনৰ বাটেৰে এই যাত্ৰা

ৰিয়ান-ৰাগিণীৰ ব্লগ

ফটকা - হাঁহিৰ বিস্ফোৰণ

অসীমা শইকীয়া দত্তৰ ব্লগ

শব্দ আখৰা

প্ৰাঞ্জল দাসৰ ব্লগ

mypoemsmyfeelings

মোৰ কবিতা মোৰ অনুভৱ

Indrajit Borah ইন্দ্ৰজিৎ বৰা

My Expedition Diary মোৰ অন্বেষণৰ টোকাবহী

nikuwrittings

My Writtings, My own Thoughts...

কেলাইড'স্ক'প

বিজ্ঞান, সাহিত্য আৰু অনুবাদৰ বৰ্ণময় সজ্জা... ✍প্ৰিয়াংকুশ ডেকা

himjyotitalukdar

Just another WordPress.com site

সৃষ্টিৰ জিলিঙনি

"মোৰ ভাষা, মই জিলিকাম"

Arjunas Sparks

উন্মেষণ ন-চিন্তাৰ

গাজাৰী ডট কম ই-আলোচনী

অসমীয়া হাস্য, ব্যংগ, কৌতুক লেখনিৰে ভৰপূৰ এখন ই আলোচনী

My Small World

অনুভৱৰ পৃথিৱী

লখেতৰা

a flow within

কুঁৱলীৰ বগাত হেৰাই যাব খোজা মানুহজন মোৰ দেউতা নহয়

"দেউতা" মোৰ প্ৰিয় শব্দ, 'দেউতা" মোৰ প্ৰিয় ব্যক্তি। এটা চিনাকী উশাহৰ নাম "দেউতা"

নিভৃত নৈৰ্ঋত - JRD's Blog

জীৱনৰ লেচেৰি বুটলি...

Sounds of words

MAH's Blogs : India

Jajabor

Mahendra Mohan Das

আলাপ-সংলাপ-অপালাপ™

"জীয়াই থাকিব খুজিলে নপলাবা। আহা, আমি এতিয়া মৃত্যু উদযাপন কৰোঁ।"